-->

জি এছ টিৰ নেতিবাচক প্ৰভাৱ পৰিব জি ডি পিত: উদ্বিগ্ন বিশ্ববেংক

জি এছ টিৰ নেতিবাচক প্ৰভাৱ পৰিব জি ডি পিত: উদ্বিগ্ন বিশ্ববেংক

বিমুদ্রাকৰণ আৰু জি এছ টিয়ে ভাৰতীয় অৰ্থনীতিত সৃষ্টি কৰা মন্দাৱস্থা যে চলিত সমগ্ৰ বিত্তীয় বৰ্ষত অব্যাহত থাকিব, তাৰ ভৱিষ্যৎদ্বাণী কৰিছে বিশ্ববেংক আৰু আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে। বিশ্ববেংক-মুদ্ৰা নিধিৰ বাৰ্ষিক বৈঠকৰ পূৰ্বে দাখিল কৰা প্ৰতিবেদন অনুসৰি চলিত বৰ্ষটোত বিকাশৰ হাৰৰ ক্ষেত্ৰত ভাৰতক অতিক্ৰম কৰিব চীনে। উল্লেখযোগ্য যে ২০১৭-১৮ বৰ্ষৰ এপ্ৰিল-জুন ত্ৰৈমাসিকত ভাৰতীয় অৰ্থনীতিৰ বিকাশৰ হাৰ ৫.৭ শতাংশলৈ হ্ৰাস পোৱাৰ ঘটনাই মোডী চৰকাৰক বিব্ৰত কৰি পেলাইছে। বিমুদ্রাকৰণ আৰু জি এছ টিৰ ৰূপায়নে যে দেশৰ অৰ্থনীতিত ভয়াৱহ নেতিবাচক প্ৰভাৱ পেলাইছে, তাক স্বীকাৰ কৰিবলৈ বাধ্য হৈছে বিশ্ববেংকৰ দৰে আন্তৰ্জাতিক বিত্তীয় প্ৰতিষ্ঠানে। বিশ্ববেংকৰ সমীক্ষামতে ২০১৭-১৮ বৰ্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদন পূৰ্বে ভৱিষ্যৎদ্বাণী কৰা ৭.২ শতাংশৰ পৰা ৭ শতাংশলৈ হ্ৰাস পাব। তাৰ কাৰণ হিচাপে বিশ্ববেংকে উল্লেখ কৰিছে যে বিমুদ্রাকৰণৰ বিলম্বিত, নেতিবাচক প্ৰভাৱ, ৰাজহুৱা ব্যয় হ্ৰাস আৰু জি এছ টি ৰূপায়নক লৈ অনিশ্চয়তাৰ বাবেই ভাৰতীয় অৰ্থনীতিৰ বিকাশৰ হাৰ নিম্নগামী হৈছে।