-->

জি এছ টিৰ পিছত ঘৰুৱা ব্যয় ৩০% বৃদ্ধি

জি এছ টিৰ পিছত ঘৰুৱা ব্যয় ৩০% বৃদ্ধি

কেন্দ্ৰীয় চৰকাৰৰ উপভোক্তা পৰিক্ৰমা বিভাগ আৰু চিটিজেন গ্ৰীভেন্স পৰ্টেলে চলোৱা এটা সমীক্ষাৰ পৰা জানিব পৰা মতে, যোৱা জুলাই মাহত সামগ্ৰী আৰু সেৱা কৰ প্ৰযোজ্য হোৱাৰ পাছত জনসাধৰণৰ ঘৰুৱা ব্যয়ৰ পৰিমাণ ৩০% বৃদ্ধি পাইছে। জি এছ টি কাৰ্যকৰী হোৱাৰ দুমাহ সম্পূৰ্ণ হোৱাৰ উপলক্ষে অনলাইনযোগে চলোৱা উক্ত সমীক্ষাত ৪০ হাজাৰতকৈ অধিক লোকে অংশগ্ৰহণ কৰিছিল। ইয়াৰে প্ৰায় ৫৪% লোকে জি এছ টি প্ৰযোজ্য হোৱাৰ পাছত তেওঁলোকৰ ঘৰুৱা ব্যয় বৃদ্ধি পোৱা বুলি কয়। উল্লেখযোগ্য যে বিমুদ্রাকৰণৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ বাবে জি এছ টি উদ্বেগৰ বিষয় হৈ পৰিছে। হায়দৰাবাদত অলপতে অনুষ্ঠিত হোৱা জি এছ টি পৰিষদৰ বৈঠকত ৰাজ্যসমূহ বিত্ত মন্ত্ৰীসকলে এই সম্পৰ্কত ভালেমান প্ৰসংগ উত্থাপন কৰে। ইয়াৰে কিছুমান বৈঠকতে মীমাংসা কৰা হয়। কিন্তু চৰকাৰৰ বাবে চিন্তাৰ প্ৰধান কাৰণটো হ'ল ভালেমান সামগ্ৰীৰ মূল্যবৃদ্ধি পোৱাটো।