-->

কেন্দ্ৰীয় চৰকাৰৰ এম ডি আৰ নিৰিখ প্ৰত্যাহাৰৰ পৰিকল্পনা: ৰে’লৰ ই টিকটৰ মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা

কেন্দ্ৰীয় চৰকাৰৰ এম ডি আৰ নিৰিখ প্ৰত্যাহাৰৰ পৰিকল্পনা: ৰে’লৰ ই টিকটৰ মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা

কেন্দ্ৰীয় চৰকাৰে ৰে'লৰ ই-টিকটৰ ক্ষেত্ৰত প্ৰযোজ্য মাৰ্চেন্ট ডিছকাউণ্ট ৰেট (এম ডি আৰ) প্ৰত্যাহাৰৰ পৰিকল্পনা কৰিছে। এয়া বাস্তৱত ৰূপায়িত হৈ উঠিলে অনলাইনযোগে ক্ৰয় কৰা ৰে'লৰ টিকটৰ মূল্য কিছু পৰিমাণে হ্ৰাস পাব। উল্লেখ্য যে আই আৰ চি টি চিৰ ৱেবচাইটৰ পৰা অনলাইনযোগে ক্ৰয় কৰা ৰে'লৰ টিকটৰ ক্ষেত্ৰত এম ডি আৰ প্ৰযোজ্য হয়। ক্ৰেডিট অথবা ডেবিট কাৰ্ড সেৱা আগবঢ়োৱাৰ বাবে বিভিন্ন বেংকে গ্ৰাহকৰ পৰা এই মাচুল আদায় লয়। বিমুদ্রাকৰণৰ পূৰ্বতে ৰে'ল বিভাগেও যাত্ৰীসকলৰ পৰা ই-টিকটৰ ক্ষেত্ৰত সেৱা মাচুল লৈছিল যদিও বিমুদ্রাকৰণৰ পৰৱৰ্তী পৰ্যায়ত এই মাচুল প্ৰত্যাহাৰ কৰা হৈছিল।