কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত : এবছৰৰ ভিতৰত দৰবৰ দাম ১০%ৰ অধিক বৃদ্ধি কৰিলে অনুজ্ঞাপত্ৰ ৰদ কৰা হ’ব

কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত : এবছৰৰ ভিতৰত দৰবৰ দাম ১০%ৰ অধিক বৃদ্ধি কৰিলে অনুজ্ঞাপত্ৰ ৰদ কৰা হ’ব

এবছৰত দৰবৰ দাম ১০ শতাংশকৈ অধিক বৃদ্ধি কৰিলে কোম্পানীৰ অনুজ্ঞাপত্ৰ ৰদ কৰা হ'ব। দৰব কোম্পানীয়ে জধে-মধে ঔষধৰ দাম বৃদ্ধি কৰা ঘটনা নিয়ন্ত্ৰিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন নিয়ম অনুসৰি ঔষধ কোম্পানীয়ে এতিয়াৰে পৰা দৰব বা চিকিৎসা সঁজুলিৰ দাম এবছৰত ১০ শতাংশৰ অধিক দামত বিক্ৰী কৰিব নোৱাৰিব। চৰকাৰৰ এই নিৰ্দেশনা অমান্য কৰিলে ঔষধ কোম্পানীৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ উপৰি সংশ্লিষ্ট কোম্পানীটোৰ বিপক্ষে আইনী যুজঁ পৰ্যন্ত চলিব। ইতিমধ্যে নেচনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটী চমুকৈ এন পি পি এয়ে এই মৰ্মে নির্দেশনাও জাৰি কৰিছে।