-->

বিয়ানিয়ে কিনিব হাইপাৰ চিটি

বিয়ানিয়ে কিনিব হাইপাৰ চিটি

কিশোৰ বিয়ানিৰ মালিকানাধীন ফিউচাৰ গ্রুপৰ অধীনস্থ প্ৰতিষ্ঠান ফিউচাৰ ৰিটেইলে শ্ব'পাৰছ ষ্টপৰ অধীনস্থ খাদ্য আৰু ৰেচন শাখাৰ ছুপাৰ মাৰ্কেট চেইন হাইপাৰ চিটি ক্ৰয় কৰিব। ৬৫৫ কোটি টকাত এই চুক্তি সম্পাদন হ'ব। উল্লেখ্য যে হাইপাৰ চিটিৰ সামগ্ৰিক মূল্য ৯১১ কোটি টকা যদিও প্ৰতিষ্ঠানটোৰ মুঠ ঋণৰ পৰিমাণ হৈছে ২৫৬ কোটি টকা। নগদ ধন আৰু শ্বেয়াৰৰ ভিত্তিত এই চুক্তি সম্পাদন হ'ব। ইতিমধ্যে হাইপাৰ চিটিৰ পৰিচালন মণ্ডলীয়ে এই বিক্ৰী প্ৰক্ৰিয়াত অনুমোদন জনোৱা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ফিউচাৰ গ্রুপৰ অধীনস্থ বিগ বজাৰ হৈছে ভাৰতৰ সৰ্ববৃহৎ খুচুৰা বিক্ৰী শৃংখল।