-->

এয়াৰ ইণ্ডিয়াক প্ৰায় ১৫০০ কোটি টকাৰ ঋণ প্ৰদান কৰিব বেংক অব ইণ্ডিয়াই

এয়াৰ ইণ্ডিয়াক প্ৰায় ১৫০০ কোটি টকাৰ ঋণ প্ৰদান কৰিব বেংক অব ইণ্ডিয়াই

বৃহৎ পৰিমাণৰ ঋণৰ বোজা কঢ়িয়াই ফুৰা চৰকাৰী খণ্ডৰ বিমান সেৱা প্রদানকাৰী প্ৰতিষ্ঠান এয়াৰ ইণ্ডিয়াক ১৫০০ কোটি টকাৰ হস্ৰকালীন ঋনেৰে সকাহ প্ৰদান কৰিছে বেংক অব ইণ্ডিয়াই। উল্লেখযোগ্য যে যোৱা মাহত এয়াৰ ইণ্ডিয়াই ইয়াৰ পৰিচালন পুঁজিৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ঋণ লাভৰ নিবিদা জাৰি কৰিছিল। ইয়াৰ এমাহৰ ভিতৰতে বেংক অব ইণ্ডিয়াই ১৫০০ কোটি টকাৰ ঋণ প্ৰদান কৰিছে এয়াৰ ইণ্ডিয়াক। বিগত কেইমাহমানৰ ভিতৰত এই দ্বিতীয়বাৰলৈ চৰকাৰী খণ্ডৰ বেংক প্ৰতিষ্ঠানৰ পৰা ঋণ লাভ কৰিছে এয়াৰ ইণ্ডিয়াই। বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত এয়াৰ ইণ্ডিয়াত শেহতীয়াকৈ নিৰ্বনিয়োজনৰ পৰিকল্পনা কৰি আছে চৰকাৰে। একেদৰে এয়াৰ ইণ্ডিয়াও ঋণৰ বোজা কম কৰিবৰ বাবে পৰিচালন ব্যয় হ্রাসৰ লগতে বিভিন্ন ঠাইত অৱস্থিত ইয়াৰ সম্পত্তি বিক্ৰীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। বেংক অব ইণ্ডিয়াৰ পূৰ্বে প্ৰতিষ্ঠানটোৱে ইণ্ডাছইণ্ড বেংক আৰু পঞ্জাৱ নেচনেল বেংকৰ পৰা ৩,২৫০ কোটি টকাৰ হস্ৰকালীন ঋণ লাভ কৰিছিল।