পুনৰ ৯ কোটি টকাৰ কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিলে পঞ্জাৱ নেচনেল বেংকৰ

পুনৰ ৯ কোটি টকাৰ কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিলে পঞ্জাৱ নেচনেল বেংকৰ

নীৰৱ মোডী আৰু মেহুল চ'কছিৰ নেতৃত্বত বিয়াগোম কেলেংকাৰী সংঘটিত হোৱা পঞ্জাৱ নেচনেল বেংকৰ মুম্বাইৰ একেটা শাখাতে প্ৰায় ৯ কোটি টকাৰ আন এক কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। চি বি আয়ে দাখিল কৰা অভিযোগত এই কথা জানিব পৰা গৈছে। প্ৰায় ৯.১ কোটি টকাৰ মূল্যৰ এই কেলেংকাৰীত চান্দ্ৰি পেপাৰ আৰু এলাইট প্ৰডাক্টছ প্ৰা: লি: নামৰ প্ৰতিষ্ঠানটোৰ কেইবাগৰাকীমান বিষয়া জড়িত আছে বুলি চি বি আয়ে আশংকা ব্যক্ত কৰিছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে পাঞ্জাৱ নেচনেল বেংক কতৃপক্ষই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।