-->

ব্যৱসায়ৰ উন্নতিৰ স্বাৰ্থত ৰিলায়েন্স কমিউনিকেচনছৰ পৰা বেতন গ্ৰহণ নকৰে অনিল আম্বানীয়ে

ব্যৱসায়ৰ উন্নতিৰ স্বাৰ্থত ৰিলায়েন্স কমিউনিকেচনছৰ পৰা বেতন গ্ৰহণ নকৰে অনিল আম্বানীয়ে

যোৱা কেইমাহ মানৰ পৰা আৰ্থিক সংকটৰ সন্মুখীন হৈ থকা অনিল আম্বানী মালিকানাধীন ৰিলায়েন্স কমিউনিকেচনছৰ পৰা বেতন নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অনিল আম্বানীয়ে। চলিত বিত্তীয় বর্ষত প্ৰতিষ্ঠানটোৰপৰা কোনোধৰণৰ বেতন অথবা কমিচন নলয় অনিল আম্বানীয়ে। বহু কোটি টকাৰ ঋণত ডুব গৈ থকা ৰিলায়েন্স কমিউনিকেচনছৰ বিগত সময়চোৱাত লাভৰ পৰিমানো যথেষ্ট কমি যোৱা দেখিবলৈ পোৱা গৈছে। এনেবোৰ সমস্যাৰপৰা প্ৰতিষ্ঠানটোক উদ্ধাৰ কৰিবলৈয়ে অনিল আম্বানীয়ে এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।