-->

দুৰসংযোগ খণ্ডত সতৰ্কতাৰ আহ্বান অনিল আম্বানিৰ

দুৰসংযোগ খণ্ডত সতৰ্কতাৰ আহ্বান অনিল আম্বানিৰ

দেশৰ দুৰসংযোগ খণ্ডত একাধিপত্যক লৈ সতৰ্ক হোৱাৰ বাবে বিভিন্ন প্ৰতিষ্ঠানলৈ আহ্বান জনাইছে অনিল আম্বানিয়ে। মুম্বাইত ৰিলায়েন্স কমিউনিকেচনছৰ বাৰ্ষিক সাধাৰণ বৈঠকত অংশগ্ৰহণ কৰি অনিল আম্বানিয়ে কয় যে বৰ্তমান দেশৰ দুৰসংযোগ খণ্ড 'আই চি ইউ'ত আছে। তেওঁ লগতে ২০১৮ বৰ্ষৰ মাৰ্চৰ ভিতৰত ৰিলায়েন্স কমিউনিকেচনছ প্ৰতিষ্ঠানটোৱে জটিলতাৰ পৰা উদ্ধাৰ পাব বুলিও আশা প্ৰকাশ কৰে। 'দুৰসংযোগ অথবা ম'বাইল সেৱাৰ ব্যৱসায় এতিয়া আই চি চি ইউত আছে। সাধাৰণ ৱাৰ্ড বা আই চি ইউত নহয়' -অনিল আম্বানিয়ে কয়। উল্লেখ্য যে বৰ্তমান ৪৫,০০০ কোটি টকাৰ ঋণৰ বোজাত জৰ্জৰিত অনিল আম্বানিৰ মালিকানাধীন আৰ কম প্ৰতিষ্ঠানটো। বিশেষকৈ মুকেশ আম্বানিৰ মালিকানাধীন ৰিলায়েন্স জিঅ'ৰ আগমনৰ পিচত আৰ কমৰ বাবে সংকট অধিক ঘনীভূত হৈ পৰিছে।