-->

আজিৰেপৰা পুনৰ আৰম্ভ হৈছে এমাজনৰ ‘গ্ৰেট ইণ্ডিয়ান ফেষ্টিভ ছেল’

আজিৰেপৰা পুনৰ আৰম্ভ হৈছে এমাজনৰ ‘গ্ৰেট ইণ্ডিয়ান ফেষ্টিভ ছেল’

যোৱা মাহৰ ২৪ চেপ্টেম্বৰত সামৰণি পৰা 'গ্ৰেট ইণ্ডিয়ান ফেষ্টিভ ছেল'ৰ বৃহৎ সফলতাৰ পিচত বুধবাৰৰ পৰা এমাজনত পুনৰ আৰম্ভ হ'ব এই বিশেষ ৰেহাই আঁচনি। আজিৰেপৰা মুকলি হোৱা 'গ্ৰেট ইণ্ডিয়ান ফেষ্টিভ ছেল'ৰ দ্বিতীয় সংস্কৰণৰ সামৰণি পৰিব অহা ৮ অক্টোবৰত। পূৰ্বৰ দৰে এইবাৰো এমাজনে এই অফাৰৰ অধীনত ৰেহাই মূল্যতে বিভিন্ন আকৰ্ষণীয় সামগ্ৰী গ্ৰাহকলৈ আগবঢ়াব। বিশেষকৈ ছ'নী, ছেমছাং, এল জি, এইচ পি, এপল আৰু নকিয়াৰ দৰে প্ৰখ্যাত ব্ৰেণ্ডৰ সামগ্ৰী গ্ৰাহকে ৰেহাই মূল্যতে ক্ৰয় কৰিব পাৰিব।