-->

চলিত বৰ্ষৰ দ্বিতীয়টো ত্ৰিমাসিক হিচাপত এয়াৰটেলৰ লাভ ৭৭% লৈ হ্ৰাস পাইছে

চলিত বৰ্ষৰ দ্বিতীয়টো ত্ৰিমাসিক হিচাপত এয়াৰটেলৰ লাভ ৭৭% লৈ হ্ৰাস পাইছে

চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয়টো ত্ৰিমাসিক হিচাপৰ সময়ছোৱাত ভাৰতী এয়াৰটেল প্ৰতিষ্ঠানটোৰ গড় লাভৰ হাৰ ৭৭% হ্ৰাস পাইছে। ইয়াকে ধৰি ধাৰাবাহিকভাৱে ৬ টা ত্ৰিমাসিকত প্ৰতিষ্ঠানটোৰ লাভ হ্ৰাস পালে। ইয়াকে ধৰি ধাৰাবাহিকভাৱে ৬ টা ত্ৰিমাসিকত প্ৰতিষ্ঠানটোৰ লাভ হ্ৰাস পালে। মূলতঃ ৰিলায়েন্স জিঅ' ইনফ'কম প্ৰতিষ্ঠানটোৱে যথেষ্ট কম মূল্যতে গ্ৰাহকলৈ সেৱা আগবঢ়োৱাৰ ফলতে এয়াৰটেলৰ লাভ হ্ৰাস পালে বুলি এটা সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখ্য যে ভাৰতৰ সৰ্ববৃহৎ দুৰসংযোগ সেৱা প্রদানকাৰী প্ৰতিষ্ঠান এয়াৰটেলৰ অধীনত প্ৰায় ২৮২ নিযুত গ্ৰাহক আছে।