ইণ্ট্ৰা-চাৰ্কোল ৰ’মিং বাতিলৰ পিচত ব্যাপক সমস্যাৰ সন্মুখীন এয়াৰচেলৰ

ইণ্ট্ৰা-চাৰ্কোল ৰ’মিং বাতিলৰ পিচত ব্যাপক সমস্যাৰ সন্মুখীন এয়াৰচেলৰ

বিশাল পৰিমাণৰ ঋণৰ বোজাত জৰ্জৰিত এয়াৰচেল প্ৰতিষ্ঠানটোৱে নেটৱৰ্কৰ সেৱা অব্যাহত ৰখাৰ বাবে অন্তিম চেষ্টা চলাইছে। ইতিমধ্যে আইডিয়া প্ৰতিষ্ঠানটোৱে এয়াৰচেলেৰে ইণ্ট্ৰা-চাৰ্কোল ৰ'মিং চুক্তি বাতিল কৰিছিল। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অলপতে ভোডাফোনেও এয়াৰচেললৈ মেছেজ, এছ টি ডি আৰু আন্তঃৰাষ্ট্ৰীয় ম'বাইল কলৰ ক্ষেত্ৰত আন্তঃসংযোগৰ সুবিধা কৰ্তন কৰিছে। এনে পৰিস্থিতিত জটিলতাৰ সন্মুখীন হৈছে এয়াৰচেল প্ৰতিষ্ঠানটো। ইতিমধ্যে টাৱাৰ প্ৰতিষ্ঠান জি টি এল ইনফ্ৰাষ্ট্ৰাকচাৰে কেইবাটাও চাৰ্কোলত এয়াৰচেলৰ এক-তৃতীয়াংশ টাৱাৰ সংযোগ কৰ্তন কৰিছে। এয়াৰচেল কতৃপক্ষই দুৰসংযোগ খণ্ডৰ নিয়ন্ত্ৰক সংস্থা ট্রায়লৈ তেওঁলোকৰ সংকটৰ কথা উল্লেখ কৰি পত্ৰ প্ৰেৰণ কৰিছে। এয়াৰচেলৰ লগতে অন্য প্ৰতিষ্ঠানসমূহক অতিৰিক্ত পৰ্টিং ক'ডৰ সুবিধা প্ৰদান কৰাৰ বাবেও নিৰ্দেশ প্ৰেৰণ কৰিবলৈ ট্রায়ৰ ওচৰত অনুৰোধ জনাইছে যাতে তেওঁলোকে গ্ৰাহকসকলক এম এন পিৰ সুবিধা আগবঢ়াব পাৰে। উল্লেখ্য যে ট্ৰায়ে যোৱা মঙলাবাৰে গ্ৰাহকক এম এন পিৰ সুবিধা আগবঢ়োৱাৰ উদ্দেশ্যে এয়াৰচেললৈ ৪৫ দিন পৰ্টিং ক'ড মুকলি কৰি ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছিল। যোৱা ডিচেম্বৰ মাহলৈকে ভাৰতত এয়াৰচেলৰ অধীনত প্ৰায় ৮০ নিযুত গ্ৰাহক আছিল। এইসকল গ্ৰাহকে এতিয়া এম এন পিৰ জৰিয়তে অন্য প্ৰতিষ্ঠানৰ সেৱা গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিছে।