আদিত্য বিৰলা ছানলাইফ ইন্সিওৰেন্সে মুকলি কৰিছে নতুন আঁচনি

আদিত্য বিৰলা ছানলাইফ ইন্সিওৰেন্সে মুকলি কৰিছে নতুন আঁচনি

আদিত্য বিৰলা ছানলাইফ ইন্সিওৰেন্সে শেহতীয়াকৈ এবিধ নন লিংক নন পাৰ্টিচিপেটিং টাৰ্ম বীমা আঁচনি 'এ বি এছ এল আই লাইফ শ্বিল্ড' আঁচনি মুকলি কৰিছে। এইবিধ নতুন আঁচনিৰ ৮ বিধ ভিন্নতা আছে আৰু গ্ৰাহকজনৰ প্ৰয়োজন অনুযায়ী প্ৰটেকচন ক'ভাৰ প্ৰদান কৰি গ্ৰহকজনক সবল কৰে। বিৰলা ছানলাইফৰ এইবিধ আঁচনিয়ে পৰিয়ালৰ মূল উপাৰ্জনকাৰী সদস্যজনৰ মৃত্যু বা বেমাৰৰ দৰে জটিল সময়ত আৰ্থিক অনাটনৰ ক্ষেত্ৰত পৰিয়ালটোক সকাহ প্ৰদান কৰে। এই প্ৰসংগত আদিত্য বিৰলা ছানলাইফ ইন্সিওৰেন্সৰ বিষয়া অনিল কুমাৰ সিঙে কয় যে অসুস্থতা আৰু আন কেতবোৰ কাৰকে ভাৰতীয় লোকৰ মাজত অনিশ্চয়তা প্ৰদান কৰিছে, সেয়েহে এইক্ষেত্ৰত আর্থিকভাৱে সুৰক্ষা দিয়া বাবে 'সকলোৰে বাবে সুৰক্ষা' নীতিৰ অধীনত আদিত্য বিৰলা ছানলাইফ ইন্সিওৰেন্সে এইবিধ শ্বিল্ড প্লেন মুকলি কৰিছে। এইবিধ আঁচনিয়ে টাৰ্মিনেল ইলনেছ, জইণ্ট লাইফ প্ৰটেকচনকে ধৰি আন ভালেমান অতিৰিক্ত সা-সুবিধা আগবঢ়ায়।