-->

এডিডাছে ভাৰতত কৰ্তন কৰিব ২৫% চাকৰি

এডিডাছে ভাৰতত কৰ্তন কৰিব ২৫% চাকৰি

নাইকীৰ পিছত এইবাৰ জাৰ্মানীৰ স্প'ৰ্টছৱেৰ প্ৰস্তুতকাৰী প্ৰতিষ্ঠান এডিডাছে ভাৰতত ইয়াৰ কৰ্মচাৰী হ্রাসৰ পৰিকল্পনা কৰিছে। আন এক স্প'ৰ্টছৱেৰ ব্ৰেণ্ড ৰিব'কৰ মালিকীস্বত্ব লাভ কৰি থকা এডিডাছে আগত কেইমাহমানৰ ভিতৰত ভাৰতত থকা ইয়াৰ মুঠ কৰ্মচাৰীৰ চাৰি ভাগৰ এভাগ হ্ৰাস কৰাৰ লগতে ফ্ৰেন্সাইজী সহযোগীৰ সংখ্যাও হ্ৰাস কৰাৰ পৰিকল্পনা কৰিছে। এটা সূত্ৰত প্ৰকাশ পোৱা অনুসৰি ভাৰতত থকা ইয়াৰ ফ্ৰেন্সাইজী ব্যৱসায়ৰ কিছু অংশ ৰিলায়েন্স ব্ৰেণ্ডছক গতাবৰ বাবে আলোচনা অব্যাহত ৰাখিছে। অৱশ্যে চাকৰি কৰ্তন আৰু ৰিলায়েন্স ব্ৰেণ্ডছেৰে চলি থকা আলোচনাৰ সত্যতা সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই এডিডাছে। উল্লেখ্য যে ভাৰতত সম্পূৰ্ণ নিজা বিপনী স্থাপনৰ বাবে উদ্যোগিক নীতি আৰু প্ৰসাৰ বিভাগৰ পৰা ইতিমধ্যে অনুমতি লাভ কৰিছে এডিডাছে। ইয়াৰ বাবে বিগত সময়চোৱাত এডিডাছে ফ্ৰেন্সাইজী সহযোগীৰ সংখ্যা পূৰ্বৰ ৫০০ ৰ পৰা ৭০ লৈ হ্ৰাস কৰিছে।