-->

অ’পেকৰ সমীক্ষা অনুসৰি ভাৰতত তেলৰ চাহিদা বৃদ্ধি পাব

অ’পেকৰ সমীক্ষা অনুসৰি ভাৰতত তেলৰ চাহিদা বৃদ্ধি পাব

অহা ২০৪০ বৰ্ষলৈকে ভাৰতত খাৰুৱা তেলৰ চাহিদা ১৫০ শতাংশপৰ্যন্ত বৃদ্ধি পাব বুলি ভৱিষ্যতদ্বাণী কৰিছে খাৰুৱা তেল উৎপাদনকাৰী দেশসমূহৰ সংগঠন অ'পেকে। অ'পেকৰ সাধাৰণ সম্পাদক মহম্মদ ছানছুই বাৰ্কিণ্ডোৱে প্ৰকাশ কৰামতে তেতিয়ালৈকে ভাৰতৰ খাৰুৱা তেলৰ চাহিদা ১০ এম বি ডি (মিলিয়ন বেৰেলছ এ ডে')লৈকে বৃদ্ধি পাব। একেদৰে ২০৪০ লৈকে বিশ্বৰ খাৰুৱা তেলৰ বজাৰত ভাৰতৰ চাহিদাৰ হাৰ হ'ব ৯ শতাংশ। বৰ্তমান এই পৰিমাণ হৈছে ৪ শতাংশ। অপেকৰ মতে মূলতঃ চৰকাৰে গ্ৰহণ কৰা সংস্কাৰমুখী পদক্ষেপ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দূৰদৰ্শী ব্যক্তিত্বৰ বাবেই সমাগত সময়ছোৱাত ভাৰতত খাৰুৱা তেলৰ চাহিদা যথেষ্ট পৰিমাণে বৃদ্ধি পাব।