-->

মুডিজৰ ভৱিষ্যৎদ্বাণী: চীনক অতিক্ৰম কৰি এছিয়াৰ দ্ৰুত বিকশিত ৰাষ্ট্ৰ হ’ব ভাৰত

মুডিজৰ ভৱিষ্যৎদ্বাণী: চীনক অতিক্ৰম কৰি এছিয়াৰ দ্ৰুত বিকশিত ৰাষ্ট্ৰ হ’ব ভাৰত

বাৰ্ষিক হিচাপত ৬ শতাংশ চাহিদা বৃদ্ধিৰে ২০১৮ চনলৈ চীনক অতিক্রমি ভাৰতে এছিয়াৰ ভিতৰত আটাইতকৈ দ্ৰুতগতিত বিকশিত খাৰুৱা তেলৰ বজাৰ হিচাপে পৰিগণিত হ'ব বুলি ভৱিষ্যতদ্বাণী কৰিছে আন্তঃৰাষ্ট্ৰীয় ৰেটিং সংস্থা মুডিজে। মুডিজৰ মতে ২০১৬-১৭ বৰ্ষত চীনত পেট্ৰ'লিয়ামৰ চাহিদা ৬ শতাংশতকৈও অধিক আছিল যদিও ২০১৭-১৮ বৰ্ষত এই পৰিমাণ ২.৫ ৰ পৰা ৩ শতাংশ পৰ্যন্ত হ্ৰাস পাব। অৱশ্যে তৎস্বত্তেও এছিয়াত বিকাশৰ 'ইঞ্জিন' হিচাপে পৰিগণিত হ'ব চীন আৰু ভাৰত। সংস্থাটোৰ মতে ২০১৮ চনলৈ এছিয়াৰ বিকাশৰ ৮০ শতাংশই নিৰ্ভৰ কৰিব চীন আৰু ভাৰতৰ ওপৰত।