এছ বি আয়ে বৃদ্ধি কৰিলে সুদৰ হাৰ : বৃদ্ধি পাব ই এম আই

এছ বি আয়ে বৃদ্ধি কৰিলে সুদৰ হাৰ : বৃদ্ধি পাব ই এম আই

বেংকিং খণ্ডত নিত্য-নতুন সংস্কাৰমূলক পদক্ষেপ গ্ৰহণ কৰাৰ সমান্তৰালভাৱে এইবাৰ ভাৰতীয় ষ্টেট বেংকৰ লগতে কেইবাটাও বেংকে ঋণৰ সুদৰ হাৰ বৃদ্ধি কৰিছে। ভাৰতীয় ষ্টেট বেংকে সুদৰ হাৰ ০.২০ শতাংশ বৃদ্ধি কৰি ৮.১৫ শতাংশ কৰিছে। তদুপৰি আই চি আই চি আই আৰু পঞ্জাৱ নেচনেল বেংকেও সুদৰ হাৰ বৃদ্ধি কৰিছে। বেংকৰ এই পদক্ষেপৰ ফলত গৃহ ঋণৰ সুদৰ হাৰ বৃদ্ধি পাব আৰু ইয়াৰ ফলত ই এম আই বৃদ্ধি পাব। ভাৰতীয় ষ্টেট বেংকে ঋণৰ সুদৰ হাৰ ২০১৬ চনৰ এপ্ৰিল মাহত প্ৰথমবাৰলৈ বৃদ্ধি কৰিছে। বেংকে সুদৰ হাৰ ছমাহৰ সুদৰ ক্ষেত্ৰত .১০% বৃদ্ধি কৰি ৮%, ৩ বছৰৰ ম্যাদত সুদৰ হাৰ .২৫% বৃদ্ধি কৰি ৮.৩৫% কৰিছিল।