-->

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজক অতিক্ৰম কৰি এইচ ডি এফ চি বেংকৰ দ্বিতীয় স্থান দখল

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজক অতিক্ৰম কৰি এইচ ডি এফ চি বেংকৰ দ্বিতীয় স্থান দখল

ভাৰতৰ আগশাৰীৰ বেংক এইচ ডি এফ চি বেংকে মুকেশ আম্বানী মালিকানাধীন ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজক অতিক্ৰম কৰি ভাৰতৰ দ্বিতীয় সৰ্বাধিক মূল্যবান প্ৰতিষ্ঠান হিচাপে পৰিগণিত হৈছে। আনহাতে শীৰ্ষস্থান অব্যাহত ৰাখিছে টাটা কনচালটেন্স চাৰ্ভিচেজে। শেহতীয়া তালিকা অনুসৰি টাটা চাৰ্ভিছেজৰ বজাৰ মূলধনৰ পৰিমাণ হ'ল ৪,৮৩,৪২৪.৭৯ কোটি টকা, এইচ ডি এফ চিৰ বজাৰ মূলধন ৪,৩১,৪৭১ কোটি টকা আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ বজাৰ মূলধনৰ পৰিমাণ ৪,২৬,৭৮৩ কোটি টকা। প্ৰথম পাঁচটা স্থানত থকা আন দুটা প্ৰতিষ্ঠান হ'ল- আই টি চি আৰু এইচ ডি এফ চি মৰ্টগেজ।