-->

ৰিজাৰ্ভ বেংকৰ ‘টু বিগ টু ফেইল’ তালিকাত অন্তৰ্ভুক্ত এইচ ডি এফ চি বেংক

ৰিজাৰ্ভ বেংকৰ ‘টু বিগ টু ফেইল’ তালিকাত অন্তৰ্ভুক্ত এইচ ডি এফ চি বেংক

ভাৰতীয় ৰিজাৰ্ভ বেংকে সোমবাৰে প্ৰকাশ কৰি উলিওৱা 'টু বিগ টু ফেইল' তালিকাত অন্তৰ্ভুক্ত হৈছে ব্যক্তিগত খণ্ডৰ আগশাৰীৰ বেংক প্ৰতিষ্ঠান এইচ ডি এফ চি। ইয়াৰ পূৰ্বে এই তালিকাত অন্তৰ্ভুক্ত হৈছিল ভাৰতীয় ষ্টেট বেংক আৰু আই চি আই চি আই বেংক। ২০১৫ চনত এই বেংক প্ৰতিষ্ঠান দুটা ৰিজাৰ্ভ বেংকৰ এই তালিকাত অন্তৰ্ভুক্ত হোৱাৰ পিছত তৃতীয়টো বেংক হিচাপে এইচ ডি এফ চিৰ নাম ইয়াত অন্তৰ্ভুক্ত হ'ল। উল্লেখযোগ্য যে বিত্তীয় ব্যৱস্থাত যিকোনোধৰণৰ ব্যৰ্থতাৰ সময়ত সংঘটিত নঞৰ্থক দিশসমূহ প্ৰতিহত কৰাৰ উদ্দেশ্যে এনে তালিকাত অন্তৰ্ভুক্ত বেংকৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখে ভাৰতীয় ৰিজাৰ্ভ বেংকে।