-->

জি এছ টি পৰ্টেল এতিয়াও ক্ৰুটিপূৰ্ণ: ব্যৱসায়িক প্ৰতিষ্ঠানৰ ৰিটাৰ্ন ফাইল কৰাত অসুবিধা

জি এছ টি পৰ্টেল এতিয়াও ক্ৰুটিপূৰ্ণ: ব্যৱসায়িক প্ৰতিষ্ঠানৰ ৰিটাৰ্ন ফাইল কৰাত অসুবিধা

হেজাৰ প্ৰয়াসৰ পিছতো জি এছ টি পৰ্টেলত ৰিটাৰ্ন দাখিল কৰাৰ ক্ষেত্ৰত দেখা দি থকা সমস্যা এতিয়াও দূৰ হোৱা নাই। এতিয়াও জুলাইৰ ৰিটাৰ্ন দাখিল কৰিব পৰা হোৱা নাই। তদুপৰি পুৰণি মজুতৰ তথ্য-পাতিও আপডেট কৰা নাই। এনে সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাবলৈ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে জি এছ টি পৰ্টেলৰ ৰক্ষণাবেক্ষণ কৰি থকা প্ৰতিষ্ঠান ইনফ'ছিছৰ পৰীক্ষা-নিৰীক্ষাৰ দাবী জনাইছে। এনে সমস্যা সন্দৰ্ভত এগৰাকী কৰ বিশেষজ্ঞই প্ৰকাশ কৰা অনুসৰি জি এছ টি পৰ্টেলে ১ জুলাইৰ পূৰ্বৰ কোনো লেনদেন গ্ৰহণ কৰা নাই। যদি কোনো প্ৰতিষ্ঠানে ২৮ জুলাইৰ বিল দি ইয়াৰ ইনপুট ক্ৰেডিট জুলাইৰ ৰিটাৰ্নত আবেদন কৰিছে তেন্তে জি এছ টিৰ অনলাইন পদ্ধতিয়ে ইয়াক সমৰ্থন কৰা নাই। যদি কোনো প্ৰতিষ্ঠানে ষ্টক ২৮ জুনত ক্ৰয় কৰিছে আৰু ইয়াৰ যোগান ১ জুলাইৰ পিছত লাভ কৰিছে তেন্তে অনলাইন পদ্ধতিয়ে ইয়াক জুনৰ ষ্টক হিচাপেই মানি আহিছে।