-->

ভাৰতীয় অৰ্থনীতিলৈ অশনি সংকেত: ভাৰতৰ বিকাশৰ পূৰ্বানুমান হ্ৰাস কৰিলে ফিটচে

ভাৰতীয় অৰ্থনীতিলৈ অশনি সংকেত: ভাৰতৰ বিকাশৰ পূৰ্বানুমান হ্ৰাস কৰিলে ফিটচে

২০১৮ বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ বিকাশৰ পূৰ্বানুমান পূৰ্বৰ ৭.৪ শতাংশৰ পৰা ৬.৯ শতাংশলৈ হ্ৰাস কৰিছে ফিটচ ৰেটিংছে। মূলতঃ এপ্ৰিল-জুনৰ সময়ছোৱাত ভাৰতৰ জি ডি পিৰ বিকাশৰ হাৰ যথেষ্ট পৰিমাণে হ্ৰাস পোৱাৰ ফলতেই ক্ৰেডিট ৰেটিং সংস্থাটোৱে বিকাশৰ পূৰ্বানুমান হ্ৰাস কৰিছে। অৱশ্যে ২০১৮ বিত্তীয় বৰ্ষৰ দ্বিতীয় ভাগত দেশৰ অৰ্থনৈতিক গতি-বিধি ত্বৰান্বিত হ'ব বুলিও সংস্থাটোৱে প্ৰকাশ কৰিছে। ফিটছৰ মতে মূলতঃ বিমুদ্রাকৰণৰ ফলতে সময়িকভাৱে দেশৰ বিকাশৰ ক্ষেত্ৰত প্ৰভাৱ পৰিলক্ষিত হ'ব। ফিটচৰ শেহতীয়াকৈ প্ৰকাশিত 'গ্ল'বেল ইক'ন'মিক আউটলুক' শীৰ্ষক প্ৰতিবেদনত এই তথ্য উল্লেখ কৰা হৈছে। উল্লেখ্য যে এছিয়ান ডেভেলপমেণ্ট বেংকে যোৱা মাহত চলিত বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ বিকাশৰ পূৰ্বানুমান পূৰ্বৰ ৭.৪% পৰা ৭% লৈ হ্ৰাস কৰিছিল।