-->

২০১৬-১৭ ত ৩২৬ কোটি টকাৰ পালছ বিক্ৰী

২০১৬-১৭ ত ৩২৬ কোটি টকাৰ পালছ বিক্ৰী

যোৱা ২০১৬-১৭ বিত্তীয় বর্ষত ৩২৬ কোটি টকাৰ পালছ কেণ্ডি বিক্ৰিৰে এই সময়ছোৱাৰ হাৰ্ড-বয়ল্ড কেণ্ডিৰ বজাৰত সৰ্ববৃহৎ কেণ্ডি ব্ৰেণ্ড হিচাপে পৰিগণিত হৈছে এই পালছ কেণ্ডি। ইয়াৰ পিছত স্থান লাভ কৰিছে ইণ্ডোনেছিয়াৰ কফিৰ সোৱাদেৰে ভৰপূৰ কেণ্ডি 'কপিকো'। ২০১৬-১৭ ত মুঠ ৩০৬ কোটি টকাৰ কপিকো কেণ্ডি বিক্ৰী হয়। সম্প্ৰতি দেশৰ ৮,৫০০ কোটি টকীয়া মিঠা কেণ্ডিৰ বজাৰত এনে নতুন ব্ৰেণ্ডৰ কেণ্ডিৰ জনপ্ৰিয়তাৰ বিপৰীতে নতুনত্বৰ অভাৱত পিছপৰি ৰৈছে ইক'লেৰ্ছ আৰু গাম প্ৰস্তুতকাৰী প্ৰতিষ্ঠানসমূহ। উল্লেখ্য যে মুকলিৰ পিছৰে পৰা গড় হিচাপত প্ৰতি চেকেণ্ডত ৫০ টা পালছ কেণ্ডি বিক্ৰী হৈ আছে।