-->

২০ লাখৰ সীমা অতিক্ৰম টি ভি এছ জুপিটাৰৰ

২০ লাখৰ সীমা অতিক্ৰম টি ভি এছ জুপিটাৰৰ

ভাৰতৰ আগশাৰীৰ দুচকীয়া আৰু তিনিচকীয়া বাহন নিৰ্মাতা প্ৰতিষ্ঠান টি ভি এছ মটৰ কোম্পানীয়ে অলপতে ঘোষণা কৰে যে মুকলিৰ চাৰি বছৰৰ ভিতৰত ইয়াৰ জনপ্ৰিয় স্কুটাৰ ব্ৰেণ্ড টি ভি এছ জুপিটাৰে ২০ লাখ খন বাহন বিক্রীৰে অভিলেখ গঢ়িছে। ২০১৩ চনত মুকলি কৰা টি ভি এছ জুপিটাৰ জ্যাদা কা ফায়দা ব্ৰেণ্ড প্ৰতিশ্ৰুতিত অটল আছে আৰু বিগত চাৰি বছৰত বহুতো স্বীকৃতি লাভ কৰিছে। ২০১৬ চনৰ আৰম্ভণিতে ১০ লক্ষ্য বিক্ৰীৰ লক্ষ্যত উপনীত হোৱা দ্ৰুততম স্কুটাৰৰূপে পৰিগণিত হৈছিল টি ভি এছ জুপিটাৰ আৰু সেয়াও কেৱল ৩০ মাহতে।