-->

ভাৰতত ট্ৰায়াম্ফ ষ্ট্ৰীট ত্ৰিপ’ল ৭৬৫ এছ মুকলি

ভাৰতত ট্ৰায়াম্ফ ষ্ট্ৰীট ত্ৰিপ’ল ৭৬৫ এছ মুকলি

ইংলেণ্ডৰ আগশাৰীৰ মটৰ চাইকেল নিৰ্মাতা প্ৰতিষ্ঠান ট্রায়াম্ফ প্ৰতিষ্ঠানটোৱে ভাৰতৰ বজাৰত মুকলি কৰিছে ট্রায়াম্ফ ২০১৭ ষ্ট্ৰীট ত্ৰিপ'ল ৭৬৫ এছ মটৰ চাইকেলখন। এই মটৰ চাইকেলখনত সংযুক্ত আছে ৭৬৫ চি চি ইঞ্জিন। এই মটৰ চাইকেলখন এছ, আৰ আৰু আৰ এছ মডেলত উপলব্ধ যদিও বৰ্তমান ইয়াৰে ষ্ট্ৰীট ট্ৰিপল এছ মটৰ চাইকেলখনহে ভাৰতত মুকলি কৰিছে প্ৰতিষ্ঠানটোৱে। প্ৰতিষ্ঠানটোৱে সদৰী কৰা অনুসৰি নতুন দিল্লীত ত্ৰিপল এছ ছুপাৰ বাইকখনৰ মূল্য হ'ব ৯ লাখ টকা।