-->

ভাৰতত ইলেক্ট্রিক গাড়ী নিৰ্মাণৰ পৰিকল্পনা হোণ্ডাই, টাটা মটৰ্চৰ

ভাৰতত ইলেক্ট্রিক গাড়ী নিৰ্মাণৰ পৰিকল্পনা হোণ্ডাই, টাটা মটৰ্চৰ

হাইব্ৰীড গাড়ীৰ বিপৰীতে অচিৰেই ভাৰতত ইলেক্ট্রিক গাড়ী নিৰ্মাণৰ পৰিকল্পনা কৰিছে বিশ্বৰ আগশাৰীৰ গাড়ী নিৰ্মাতা প্ৰতিষ্ঠানসমূহে। হোণ্ডাই, টাটা মটৰ্চ আৰু মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাই অহা ২০১৯ ৰ ভিতৰত হাইব্ৰীড গাড়ী নিৰ্মাণৰ পৰিকল্পনা স্থগিত ৰাখি ইলেক্ট্রিক গাড়ী নিৰ্মাণত গুৰুত্ব আৰোপ কৰিছে। ঘৰুৱা প্ৰতিষ্ঠান টাটা মটৰ্চে সমাগত অট' এক্সপ'ত প্ৰদর্শন কৰিব ইয়াৰ টিয়েগ' গাড়ীখনৰ ইলেক্ট্রিক সংস্কৰণ। লগতে প্ৰতিষ্ঠানটোৱে ইয়াৰ এসময়ৰ বহু জনপ্ৰিয় গাড়ী নেন'কো ইলেক্ট্রিক গাড়ীৰ ৰূপ দিয়াৰ পৰিকল্পনা কৰিছে। একেদৰে মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাই ভাৰতত ইলেক্ট্রিক গাড়ী নিৰ্মাণৰ বাবে ইতিমধ্যে ৬০০ কোটি টকা বিনিয়োগৰ পৰিকল্পনাৰ কথাও প্ৰকাশ কৰিছে। জাপানৰ প্ৰতিষ্ঠান টয়'টা আৰু ছুজুকিয়ে তেওঁলোকৰ সহযোগী প্ৰতিষ্ঠানৰ সহযোগত ভাৰতত ভৱিষ্যতে ইলেক্ট্রিক গাড়ীৰ মুকলিৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ লিথিয়াম-আয়ন প্ৰকল্প স্থাপনৰ প্ৰস্তাৱ আগবঢ়াইছে।