-->

আগষ্ট মাহত অল্ট’ক অতিক্ৰম ছুইফট ডিজায়াৰৰ

আগষ্ট মাহত অল্ট’ক অতিক্ৰম ছুইফট ডিজায়াৰৰ

বিগত আগষ্টত দেশৰ সৰ্বাধিক বিক্ৰী হোৱা গাড়ীৰ ক্ষেত্ৰত আল্ট'ক অতিক্ৰম কৰিলে মাৰুতি ছুজুকি প্ৰতিষ্ঠানৰে ডিজায়াৰ গাড়ীখনে। গাড়ী নিৰ্মাতা প্ৰতিষ্ঠানসমূহৰ উমৈহতীয়া সংস্থা ছিয়ামে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত আগষ্ট মাহত ২১,৫২১ খন অল্ট' গাড়ীৰ বিক্ৰীৰ বিপৰীতে ডিজায়াৰৰ বিক্ৰী সংখ্যা হ'ল ৩০,৯৩৪ খন। এই সময়ছোৱাত সৰ্বাধিক বিক্ৰী হোৱা শীৰ্ষ দহখন গাড়ীৰ তালিকাত সাতখন গাড়ীৰ অন্তৰ্ভুক্তিৰে শীৰ্ষত আছে মাৰুতি ছুজুকি ইণ্ডিয়া প্ৰতিষ্ঠানটো। তালিকাৰ তৃতীয় স্থানত আছে বালেনো (১৭,১৯০ খন), চতুৰ্থ স্থানত আছে ভিটাৰা ব্ৰেজা (১৪,৩৯৬) খন। ইয়াৰ পিচতে ক্ৰমান্বয়ে আছে ৱাগন আৰ (১৩,৯০৭ খন), ছুইফট (১২,৬৩১ খন), হোণ্ডাই গ্ৰেণ্ড আই ১০ (১১,৮৩২ খন), হোণ্ডাই ক্রেটা (১০,১৫৮ খন) আৰু মাৰুতি ছুজুকি চিলেৰিঅ' (৯,২১০খন)।