-->

দাম বৃদ্ধিৰ শংকাত উৎসৱৰ পূৰ্বেই এছ ইউ ভি-ছেডান গাড়ীৰ অগ্রিম বুকিং বৃদ্ধি

দাম বৃদ্ধিৰ শংকাত উৎসৱৰ পূৰ্বেই এছ ইউ ভি-ছেডান গাড়ীৰ অগ্রিম বুকিং বৃদ্ধি

সমাগত উৎসৱ আৰু জি এছ টিৰ অধীনত উপকৰ বৃদ্ধি কৰাৰ বাবে গ্ৰাহকৰ পৰা অভূতপূৰ্ব হাৰত গাড়ী বুকিং অৰ্ডাৰ লাভ কৰিছে বিভিন্ন প্ৰতিষ্ঠানে। শেহতীয়াকৈ এছ ইউ ভি আৰু ছেডান গাড়ীত পূৰ্বৰ ১৫ শতাংশৰ বিপৰীতে ২৫ শতাংশ উপকৰ আৰোপ কৰাৰ ফলত আগলৈ এনে গাড়ীৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনাৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতে মূল্য বৃদ্ধিৰ পূৰ্বে পছন্দৰ গাড়ীখন ক্ৰয় কৰিবলৈ এতিয়া ডীলাৰত ভিৰ কৰিছেহি গ্ৰাহকে। বুকিং অৰ্ডাৰ ইমানেই বৃদ্ধি পাইছে যে সম্প্ৰতি চাহিদা অনুসৰি যোগান ধৰাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে গাড়ী নিৰ্মাতা প্ৰতিষ্ঠানসমূহ। তদুপৰি বুকিংৰ সংখ্যা অধিক হোৱাৰ বাবে কেইবাখনো জনপ্ৰিয় মডেলৰ গাড়ীৰ যোগানৰ অপেক্ষাৰ সময়ো বৃদ্ধি কৰা হৈছে। উল্লেখ্য যে গাড়ীসমূহত উপকৰ ১০ শতাংশ বৃদ্ধি কৰাৰ ফলত আগলৈ এছ ইউ ভি আৰু ছেডান গাড়ীৰ মূল্য ১ লাখৰ পৰা ৩ লাখলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।