-->

ৰেন’ কেপচাৰ আনুষ্ঠানিকভাৱে মুকলি

ৰেন’ কেপচাৰ আনুষ্ঠানিকভাৱে মুকলি

কম্পেকত এছ ইউ ভি গাড়ীৰ বজাৰখনত নতুনকৈ সংযোজন হ'ল ৰেন'ৰ নতুন গাড়ী কেপচাৰ। হোণ্ডাই ক্রেতা গাড়ীখনক প্ৰত্যাহ্বান জনোৱাৰ উদ্দেশ্যে এই গাড়ীখন নিৰ্মান কৰিছে ৰেন'ৱে। পেট্ৰল আৰু ডিজেল উভয় সংস্কৰণতে উপলব্ধ এই গাড়ীখনৰ বুকিং প্ৰক্ৰিয়া এমাহৰ পূৰ্বে আৰম্ভ কৰিছিল প্ৰতিষ্ঠানটোৱে। সোমবাৰে গাড়ীখন আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। চাৰিটা পেট্ৰল আৰু ছটা ডিজেল সংস্কৰণত মুকলি কৰা গাড়ীখনৰ প্ৰাৰম্ভিক মূল্য ৯.৯৯ লাখ টকা। আনহাতে গাড়ীখন মুকলি কৰাৰ পিচত অচিৰেই গাড়ীখনৰ স্বয়ংক্ৰিয় সংস্কৰণো মুকলি কৰা হ'ব বুলি প্ৰকাশ কৰিছে প্ৰতিষ্ঠানটোৱে। উল্লেখ্য যে বিগত মাহত ৰেন'ৱে গোৱাত প্ৰথমবাৰৰ বাবে গাড়ীখন প্ৰদৰ্শন কৰিছিল।