-->

ভাৰতৰ বজাৰত মুকলি মিটছুবিছি পাজেৰ’ স্প’ৰ্ট ছিলেক্ট প্লাছ

ভাৰতৰ বজাৰত মুকলি মিটছুবিছি পাজেৰ’ স্প’ৰ্ট ছিলেক্ট প্লাছ

জাপানৰ গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান মিটছুবিছিয়ে ভাৰতৰ বজাৰত মুকলি কৰিলে পাজেৰ' এছ ইউ ভি খনৰ নতুন সংস্কৰণ স্প'ৰ্ট ছিলেক্ট প্লাছ। ৪×২ অট'মেটিক আৰু ৪×৪ মেনুৱেল এই দুটা মডেল গ্ৰাহকলৈ আগবঢ়াইছে প্ৰতিষ্ঠানটোৱে। এই দুটা মডেলৰ মূল্য হ'ল ৩০.৫৩ লাখ টকা আৰু ৩০.৯৫ লাখ টকা। এই নতুন সংস্কৰণত সংযুক্ত আছে অল ব্লেক ৰেডিয়েটৰ গ্ৰিল, ১৭ ইঞ্চিৰ ব্লেক ফিনিছড এলয় হুইলছ, ক্ৰম ফিনিছড ড'ৰ হেণ্ডলছ এণ্ড উইং মিৰৰ্ছ, ফ্ৰণ্ট বডী গাৰ্ডৰ লগতে অন্যান্য আকৰ্ষণীয় বৈশিষ্ট্য।সাতখন আসনযুক্ত এই গাড়ীখনে ৪০০ এন এম টৰ্ক উৎপাদন কৰে।