-->

নতুন টি ভি এছ ষ্টাৰ চিটী প্লাছ মুকলি

নতুন টি ভি এছ ষ্টাৰ চিটী প্লাছ মুকলি

ভাৰতৰ আগশাৰীৰ দুচকীয়া আৰু তিনিচকীয়া বাহন নিৰ্মাতা টি ভি এছ মটৰ কোম্পানীয়ে এই উৎসৱৰ বতৰত মুকলি কৰিছে নতুন ডুৱেল ট'ন ষ্টাইলড টি ভি এছ ষ্টাৰ চিটি প্লাছ। এই শ্ৰেণীৰ জনপ্ৰিয় ষ্টাইলিছ পাৰফৰ্মাৰ ১১০ চি চি ৰ এই মটৰ চাইকেলখন এতিয়া ষ্টাইলিছ ব্লেক গ্ৰেব ৰেইলসহ ষ্ট্ৰাইকিং টি ভি এছ ক্ৰ'ম ডি লেবেল আৰু ডিজাইনেৰে সৱলীকৃত। এই ষ্টাৰ চিটী প্লাছত সংযোজিত হ'ব ফ'ৰ স্পীড গিয়েৰবক্স ইক'থাৰ্ষ্ট ইঞ্জিন। মটৰ চাইকেলখনৰ পূৰ্ণাংগ ডিজিটেল ডেছব'ৰ্ড আছে এনালগ স্পীড'মিটাৰ আৰু উন্নীত ডিজিটেল ইনফৰ্মেচন ডিছপ্লে'। চাৰ্ভিছ ছিণ্ডিকেটৰে চাৰ্ভিছৰ সময় আৰু ইক'মিটাৰে ৰাইডাৰক সৰ্বাধিক ফিউৱেল ইক'নমিৰ তথ্য অৱগত কৰে। এই নতুন টি ভি এছ ষ্টাৰ চিটি প্লাছ তিনিটা ৰঙত উপলব্ধ হ'ব। ব্লেক-ৰেড, ব্লেক-ব্লু, আৰু ৰেড-ব্লেক এই তিনিটা ৰঙত মটৰ চাইকেলখন পোৱা যাব। এই মটৰ চাইকেলখনৰ মূল্য ৫২,৪৭১ টকা।