যান্ত্ৰিক বিজুতিৰ সম্ভাৱনা থকা বাবে মাৰুতি ছুজুকিয়ে পৰীক্ষণ কৰিব ২১,৪৯৪ খন ডিজায়াৰৰ

যান্ত্ৰিক বিজুতিৰ সম্ভাৱনা থকা বাবে মাৰুতি ছুজুকিয়ে পৰীক্ষণ কৰিব ২১,৪৯৪ খন ডিজায়াৰৰ

মাৰুতি ছুজুকিৰ নতুন ডিজায়াৰখনৰ ৰিয়েৰ হুইল হাবত দেখা দিব পৰা বিজুতি মেৰামতিৰ বাবে এক সেৱা অভিযান আৰম্ভ কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে দেশৰ সৰ্ববৃহৎ গাড়ী নিৰ্মাতা প্ৰতিষ্ঠানটোৱে। মাৰুতি ছুজুকিৰ ৱেবচাইটত প্ৰকাশ পোৱা অনুসৰি চলিত বৰ্ষৰ ২৩ ফেব্ৰুৱাৰীৰ পৰা ১০ জুলাইৰ ভিতৰত নিৰ্মিত ২১,৪৯৪ খন ডিজায়াৰ এই অভিযানৰ অধীনত ঘূৰাই লোৱা হ'ব। প্ৰতিষ্ঠানটোৰ ৱেবচাইটৰ এক বিশেষ পৰ্টেলত এই গাড়ীৰ গ্ৰাহকে ভেহিকল চেছিছ নম্বৰ দাখিল কৰি এই অভিযানৰ অধীনত গাড়ীখন প্ৰভাৱাম্বিত হ'ব নে নাই, সেই বিষয়ে অৱগত হ'ব পাৰিব।