মাৰুতি ছুজুকিৰ অন্যতম সাফল্য : অল্ট’ৰ বিক্ৰীৰ ক্ষেত্ৰত ৩৫ লাখৰ সীমা অতিক্ৰম

মাৰুতি ছুজুকিৰ অন্যতম সাফল্য : অল্ট’ৰ বিক্ৰীৰ ক্ষেত্ৰত ৩৫ লাখৰ সীমা অতিক্ৰম

২০০০ চনত প্ৰথমবাৰৰ বাবে ভাৰতত মুকলি হোৱা মাৰুতি ছুজুকিৰ অল্ট' গাড়ীখনে বিক্ৰীৰ ক্ষেত্ৰত অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা এক বিজ্ঞপ্তি অনুসৰি যোৱা ১৭ বছৰত অল্ট'ৰ বিক্ৰীয়ে ৩৫,০০,০০০ ৰ সীমা অতিক্ৰম কৰিছে। যোৱা ১৪ বছৰত একেৰাহে সৰ্বাধিক বিক্ৰী হোৱা গাড়ী হিচাপে ভাৰতৰ গাড়ীৰ বজাৰ দখল কৰি আহিছে অল্ট'ৱে। এই গাড়ীখনেৰে ভাৰতৰ মধ্যবিত্ত শ্ৰেণীৰ লোকসকলক সপোনৰ গাড়ীখন লোৱা আশা পূৰণ কৰিছে মাৰুতি ছুজুকিয়ে, যিসকল লোকৰ বাবে এতিয়া পৰিয়ালৰ প্ৰথমখন গাড়ী হিচাপে চিহ্নিত হৈ আহিছে অল্ট'। ৭৯৬ চি চি, ৩ ছিলিণ্ডাৰ ইঞ্জিনযুক্ত এই গাড়ীখন মুকলিৰ প্ৰথম তিনি বছৰতে ১,০০,০০০ খন বিক্ৰীৰ অভিলেখ গঢ়িছিল। তাৰপিচত প্ৰত্যেক বছৰে ক্ৰমান্বয়ে বিক্ৰী বৃদ্ধি কৰিবলৈ সক্ষম হৈছে মাৰুতি ছুজুকিয়ে। সময়ে সময়ে অন্যান্য গাড়ী নিৰ্মাতা প্ৰতিষ্ঠানসমূহে অল্ট'ক প্ৰত্যাহ্বান জনোৱাৰ উদ্দেশ্যে এই শাখাত গাড়ী নিৰ্মাণ কৰি আহিছে যদিও তেওঁলোক সফল হ'ব পৰা নাই।