-->

ভাৰতৰ বজাৰত গ্ৰাহকৰ বাবে মাৰ্চিডিজৰ দুখন এছ ইউ ভি মুকলি

ভাৰতৰ বজাৰত গ্ৰাহকৰ বাবে মাৰ্চিডিজৰ দুখন এছ ইউ ভি মুকলি

বিশ্বপ্রসিদ্ধ জাৰ্মানীৰ বিলাসী গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান মাৰ্চিডিজ ব্ৰেণ্ডে ইয়াৰ ভাৰতৰ গ্ৰাহকলৈ বজাৰত দুখন নতুন এছ ইউ ভি মুকলি কৰি দিছে। এই গাড়ী দুখন হৈছে মাৰ্চিডিজ-এ এম জি জি ৬৩ 'এডিচন ৪৬৩' আৰু মাৰ্চিডিজ-এ এম জি জি এল এছ ৬৩। প্ৰতিষ্ঠানটোৱে সদৰী কৰা অনুসৰি পুনেৰ শ্ব'ৰুমত ইয়াৰে প্ৰথম খন গাড়ীৰ মূল্য ২.১৭ কোটি টকা আৰু দ্বিতীয়খনৰ মূল্য ১.৫৮ কোটি টকা। উল্লেখ্য যে চলিত বৰ্ষত ভাৰতত মাৰ্চিডিজে মুকলি কৰা এয়া হৈছে পঞ্চম আৰু ষষ্ঠখন গাড়ী।