-->

মাৰ্চিডিজে ভাৰতীয় গ্ৰাহকৰ বাবে মুকলি কৰিলে এডিচন চি

মাৰ্চিডিজে ভাৰতীয় গ্ৰাহকৰ বাবে মুকলি কৰিলে এডিচন চি

জাৰ্মানীৰ বিলাসী গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান মাৰ্চিডিজ বেঞ্জে মঙলাবাৰে ভাৰতৰ বজাৰত মুকলি কৰে এডিচন চি ছেডান গাড়ীখন। নতুন দিল্লীত এই গাড়ীখনৰ প্ৰাৰম্ভিক মূল্য হ'ব ৪২.৫৪ লাখ টকা। গাড়ীখন তিনিটা সংস্কৰণত ক্ৰমে চি-২০০, এভাণ্টগাৰ্ডে এডিচন চি, চি-২২০ ডি এভাণ্টগাৰ্ডে আৰু চি-২৫০ ডি এভাণ্টগাৰ্ডে এডিচন চি মুকলি কৰা হয়। এই তিনিটা সংস্কৰণৰ মূল্য ক্ৰমে ৪২,৫৪ লাখ, ৪৩.৫৪ লাখ আৰু ৪৬.৮৭ লাখ টকা। উল্লেখ্য যে ইতিমধ্যে মাৰ্চিডিজে চি-ক্লাছৰ ২৭,৫০০ খন বাহন ভাৰতত বিক্ৰী কৰিবলৈ সক্ষম হৈছে।