-->

ভাৰতত নিৰ্মিত গাড়ীৰ চাহিদা বৃদ্ধি পাইছে বিদেশৰ বজাৰত

ভাৰতত নিৰ্মিত গাড়ীৰ চাহিদা বৃদ্ধি পাইছে বিদেশৰ বজাৰত

বিশ্বৰ বিভিন্ন আগশাৰীৰ গাড়ী নিৰ্মাণ প্ৰতিষ্ঠানে ভাৰতত ইয়াৰ নিৰ্মান প্ৰকল্প স্থাপন কৰি বিভিন্ন মডেলৰ গাড়ী নিৰ্মান কৰি আহিছে। ফ'ৰ্ড, ফক্সৱাগণ, হোণ্ডাইকে আদি কৰি বিভিন্ন প্ৰতিষ্ঠানে ভাৰতত থকা নিৰ্মাণ প্ৰকল্পত বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰিছে। ইয়াৰ মূলতে হ'ল ভাৰতত নিৰ্মাণ হোৱা গাড়ীৰ চাহিদা বিদেশৰ বজাৰত বৃদ্ধি পোৱাতো। ভাৰতত নিৰ্মিত গাড়ী ৰপ্তানীৰ ভিতৰত শীর্ষস্থান দখল কৰিছে ফ'ৰ্ডৰ ইক'স্পৰ্টছ গাড়ীখনে। প্ৰাপ্ত খবৰ অনুসৰি যোৱা বিত্তীয় বর্ষত ফ'ৰ্ড ইণ্ডিয়াই ৭৯,৫৩৮ খন ইক'স্পৰ্টছ ভাৰতৰ পৰা ৰপ্তানি কৰিছে। ইয়াৰ পিছতে ৰপ্তানি হোৱা গাড়ীসমূহৰ তালিকা হ'ল- নিছান মাইক্ৰা (৭০,৬৬৫ খন), ফক্সৱাগণ ভেন্টু (৭১,৫৩৯ খন), জি এম বীট (৭০,৯৬৯ খন), ফৰ্ড ফিগ' (৪৯,৯০১ খন)।