জাগুৱাৰে আগুৱালে বজাৰত নতুন বাহন

জাগুৱাৰে আগুৱালে বজাৰত নতুন বাহন

জগুৱাৰ লেণ্ড ৰ'ভাৰ ইণ্ডিয়াই ঘোষণা কৰিলে জগুৱাৰৰ প্ৰথম এছ ইউ ভি দ্য পেছৰ স্থানীয় নিৰ্মাণৰ কথা । প্ৰেষ্টিজ ডিৰাইভেটিভ আৰু ২.০ এল ৪ চিলিণ্ডাৰ, ১৩২ কিলোৱাট, টাৰবোচাৰ্যত ইঞ্জিনীয়াম ডিজেল ইঞ্জিন সমৃদ্ধ স্থানীয়ভাৱে নিৰ্মিত ২০১৮ মডেল এফ পেছৰ দাম হৈছে ৬০.০২ লাখ টকা । (ভাৰতৰ এক্স শ্ব'ৰুমত দৰ) । জগুৱাৰ এফ পেছ হৈছে এক পাৰ্ফমেন্স এছ ইউ ভি, যত আছে স্পৰ্টছ কাৰৰ ডি এন এ । ইয়াৰ শক্তিশালী আৰু সক্ৰিয় ৰূপ অতি স্পষ্ট আৰু ৰাস্তাত ইয়াৰ অৱস্থিতিয়ে সকলোকে ঘূৰি চাবলৈ বাধ্য কৰায় ।