-->

হোণ্ডাই ভাৰ্নাৰ পেট্ৰল সংস্কৰণ গ্ৰহকৰ বাবে মুকলি

হোণ্ডাই ভাৰ্নাৰ পেট্ৰল সংস্কৰণ গ্ৰহকৰ বাবে মুকলি

হোণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডৰ জনপ্ৰিয় ছেডান গাড়ী ভাৰ্না পেট্ৰল সংস্কৰণ মুকলি কৰা হয়। ১.৪ লিটাৰ পেট্ৰল ইঞ্জিনৰ এই গাড়ীখনৰ প্ৰাৰম্ভিক বজাৰ মূল্য প্ৰায় ৭.৭৯ লাখ টকা। বিগত বৰ্ষৰ আগষ্ট মাহত মুকলি কৰা নতুন জেনেৰেচন ভাৰ্না গাড়ীখনে ইতিমধ্যে গ্ৰাহকৰ পৰা আশাপ্ৰদ সঁহাৰি লাভ কৰিছে। এই 'নেক্সট জেন ভাৰ্না' গাড়ীখনে পূৰ্বৰ দৰেই গ্ৰাহকৰ পৰা আশাপ্ৰদ সঁহাৰি লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে প্ৰতিষ্ঠানটোৰ বিক্ৰী আৰু বিপনন শাখাৰ সঞ্চালক ৰাকেশ শ্ৰীবাস্তৱে। উল্লেখ্য যে এই নতুন ভাৰ্না গাড়ীখনত ৬ টা স্পীডৰ মেনুৱেল ট্ৰেন্সমিছন সংযোজন কৰা হৈছে। প্ৰতিষ্ঠানটোৱে দাবী কৰামতে এই গাড়ীখনে প্ৰতিলিটাৰত ১৯.১ কিলোমিটাৰ মাইলেজ প্ৰদান কৰিব।