-->

অসমত মুকলি হ’ল হুণ্ডাইৰ নেক্সট জেন ভাৰ্না

অসমত মুকলি হ’ল হুণ্ডাইৰ নেক্সট জেন ভাৰ্না

দেশৰ দ্বিতীয় বৃহত্তম বাহন নিৰ্মাতা তথা শীৰ্ষৰ যাত্ৰীবাহী গাড়ীৰ ৰপ্তানিকাৰী প্ৰতিষ্ঠান হোণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডে অসমত মুকলি কৰে পঞ্চম জেনেৰেশ্যনৰ ছুপাৰ পাৰ্ফমাৰ ব্ৰেণ্ড- দা নেক্সট জেন ভাৰ্না। দা নেক্সট জেন ভাৰ্নাক বুদ্ধিদীপ্ত ডিজাইন হিচাপে অভিহিত কৰা হৈছে। এই গাড়ীখনৰ চাৰিটা শক্তিশালী স্তম্ভ হ'ল - আধুনিক ডিজাইন, সঞ্চালনী দক্ষতা, শ্ৰেষ্ঠ নিৰাপত্তা আৰু নতুন প্ৰযুক্তি। নেক্সট জেন ভাৰ্নাৰ শ্ৰেষ্ঠ প্ৰদৰ্শন ৫০% উন্নত উচ্চ শক্তিৰ ষ্টীলৰ দ্বাৰা নিৰ্মিত বাহনখনৰ শ্ৰেষ্ঠ ব'ডি গঠনৰ পৰা উদ্ভাসিত হৈছে। এই নেক্সট জেন ভাৰ্নাক ষ্টাইলিং, দক্ষতা, প্ৰযুক্তি, সুৰক্ষা তথা ভ্ৰমণ আৰু ব্যৱহাৰৰ ক্ষেত্ৰত শ্ৰেষ্ঠ দক্ষতা প্ৰদান কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে আৰু ছেডান শাখাত ই এক নতুন স্তৰৰ সৃষ্টি কৰিছে।