ভাৰতত বিক্ৰী বৃদ্ধি কৰিবলৈ সাজু হৈছে হাৰ্লি ডেভিদছনে

ভাৰতত বিক্ৰী বৃদ্ধি কৰিবলৈ সাজু হৈছে হাৰ্লি ডেভিদছনে

আমেৰিকাৰ প্ৰখ্যাত মটৰ চাইকেল নিৰ্মাতা প্ৰতিষ্ঠান হাৰ্লি ডেভিদছনে ভাৰতত ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি কৰাৰ লক্ষ্যৰে নতুন বিপনী স্থাপনৰ পৰিকল্পনা কৰিছে। এই নতুন পৰিকল্পনা অনুসৰি ভাৰতৰ বিভিন্ন চহৰত ব্ৰেণ্ড ষ্ট'ৰ মুকলি কৰিব প্ৰতিষ্ঠানটোৱে। এই সন্দৰ্ভত হাৰ্লি ডেভিদছনৰ পৰিচালন সঞ্চালক পিটাৰ মেকেঞ্জিয়ে কয় যে ভাৰতত দুচকীয়া বাহনৰ বজাৰ পৰিসৰ বৃদ্ধিৰ যথেষ্ট থল আছে। এই সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে পৰিসৰ বৃদ্ধিৰ পৰিকল্পনা গ্ৰহণ কৰিছে। সম্প্ৰতি ২৬ টা ডীলাৰেৰে ভাৰতত ব্যৱসায় চলায় থকা হাৰ্লি ডেভিদছনে আৰু ১২ টা নতুন ডীলাৰ স্থাপন কৰিব। ২০০৯ চনত ভাৰতত দুচকীয়া বাহনৰ ব্যৱসায় আৰম্ভ কৰা প্ৰতিষ্ঠানটোৱে এতিয়ালৈকে প্ৰায় ২৮ হেজাৰৰো অধিক মটৰ চাইকেল বিক্ৰী কৰিবলৈ সক্ষম হৈছে।