-->

টাটা মটৰ্চৰ পৰা প্ৰায় ১০ হেজাৰ বৈদ্যুতিক বাহন ক্ৰয় কৰিব চৰকাৰে

টাটা মটৰ্চৰ পৰা প্ৰায় ১০ হেজাৰ বৈদ্যুতিক বাহন ক্ৰয় কৰিব চৰকাৰে

কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ প্ৰতিষ্ঠান এনাৰ্জি এফিচিয়েন্সি চাৰ্ভিচেছ লিমিটেড (ই ই এছ এল) নামৰ প্ৰতিষ্ঠানটোৱে টাটা মটৰ্চৰ পৰা ১০ হেজাৰ বৈদ্যুতিক বাহন ক্ৰয় কৰিব। দুটা পৰ্যায়ত টাটা মটৰ্চে প্ৰতিষ্ঠানটোক এই গাড়ীসমূহ যোগান ধৰিব। চলিত বৰ্ষৰ নৱেম্বৰত টাটা মটৰ্চে ৫০০ খন ই-গাড়ী যোগান ধৰাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ত বাকী ৯৫০০ খন গাড়ীৰ যোগান ধৰিব। আন্তঃৰাষ্ট্ৰীয় ভিত্তিত লাভ কৰা নিবিদাৰ জৰিয়তে এই গাড়ীসমূহ যোগানৰ বাবে টাটা মটৰ্চক বাচনি কৰা হয়। সকলো প্ৰতিষ্ঠানৰ ভিতৰত আটাইতকৈ কম মূল্যত গাড়ী যোগানত প্ৰস্তাৱ আগবঢ়োৱাৰ বাবেই টাটা মটৰ্চে এই কতৃত্ব লাভ কৰে। এই নিবিদা প্ৰক্ৰিয়াত মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা আৰু নিছানকে ধৰি আন কেইবাটাও আগশাৰীৰ প্ৰতিষ্ঠানেও অংশগ্ৰহণ কৰিছিল।