-->

উৎসৱৰ বতৰত হ্ৰাস গাড়ীৰ বিক্ৰীৰ হাৰ

উৎসৱৰ বতৰত হ্ৰাস গাড়ীৰ বিক্ৰীৰ হাৰ

ঘৰুৱা বজাৰত গাড়ী বিক্ৰীৰ হাৰ অক্টোবৰ মাহত বিগত বৰ্ষৰ তুলনাত ৫.৩২ শতাংশ হ্ৰাস পাইছে। ঔদ্যোগিক সংস্থা চিয়ামৰ তথ্য অনুসৰি ২০১৭ বৰ্ষৰ অক্টোবৰ মাহত মুঠ ১,৮৪,৬৬৬খন গাড়ী বিক্ৰী হয়। কিন্তু ২০১৬ বৰ্ষৰ অনুৰূপ মাহত গাড়ী বিক্ৰী হৈছিল ১,৯৫,০৩৬ খন। উল্লিখিত মাহটোত ইউটিলিটি বাহনসমূহৰ বিক্ৰী ১২.৪৪ শতাংশ হ্ৰাস পায় আৰু ৭৯,৩২৩ খন গাড়ী বিক্ৰী হয়। আনহাতে ভানৰ বিক্ৰী ৪.৯৭ শতাংশ বৃদ্ধি পাই ১৫,৮৪৮ খন বাহন বিক্ৰী হয়। এই সময়ছোৱাত যাত্ৰীবাহী বাহনসমূহৰ বিক্ৰী ০.৩০ শতাংশ হ্ৰাস পাই মুঠ ২,৯৭,৮৩৭খন বাহন বিক্ৰী হয়। ২০১৬ বৰ্ষত এই পৰিমাণ আছিল ২,৮০,৬৭৭ খন।