বি এম ডব্লিউ গ্ৰুপে সম্পূৰ্ণ কৰিলে ১ লাখ বৈদ্যুতিক বাহন নিৰ্মাণৰ কাম

বি এম ডব্লিউ গ্ৰুপে সম্পূৰ্ণ কৰিলে ১ লাখ বৈদ্যুতিক বাহন নিৰ্মাণৰ কাম

১ লাখ বৈদ্যুতিক বাহনৰ নিৰ্মাণ সম্পূৰ্ণ কৰিলে বি এম ডব্লিউ গ্রুপে। প্ৰতিষ্ঠানটোৱে পূৰ্বতে দিয়া প্ৰতিশ্ৰুতি অনুসৰি ২০১৭ বৰ্ষৰ ভিতৰতে সমগ্ৰ বিশ্বতে বৈদ্যুতিক বাহনৰ যোগানৰ ক্ষেত্ৰত এই লক্ষ্যত উপনীত হয়। এই উদ্দেশ্যে বি এম ডব্লিউ গ্রুপৰ মুখ্য কাৰ্যালয়তো বিশেষ ধৰণৰ আলোকসজ্জাৰে পোহৰাই তোলা হয়। উল্লেখ্য যে প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যালয় আছে জাৰ্মানীৰ মিউনিখত। বি এম ডব্লিউৰ পৰিচালন মণ্ডলীৰ অধ্যক্ষ হেৰল্ড ক্ৰুগেৰে কয় যে তেওঁলোকৰ বাবে এয়া এক যাত্ৰাৰ আৰম্ভণিহে। এইক্ষেত্ৰত বহুদূৰ আগুৱাই যাব লাগিব বুলি তেওঁ উল্লেখ কৰে।