-->

আটাইতকৈ মূল্যবান বাইক নিৰ্মাতা প্ৰতিষ্ঠান হিচাপে পৰিগণিত হ’ল বাজাজ অট’

আটাইতকৈ মূল্যবান বাইক নিৰ্মাতা প্ৰতিষ্ঠান হিচাপে পৰিগণিত হ’ল বাজাজ অট’

আইচাৰ মটৰ্চক অতিক্ৰম কৰি বজাৰ মূলধন হিচাপত আটাইতকৈ মূল্যবান বাইক নিৰ্মাতা প্ৰতিষ্ঠান হিচাপে পৰিগণিত হৈছে বাজাজ অট' প্ৰতিষ্ঠানটো। এইক্ষেত্ৰত বাজাজে হিৰ' মট'কৰ্পকো অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। বৃহস্পতিবাৰে বাজাজৰ বজাৰ মূলধন ৯১,৪৯৭ কোটি টকা হোৱাৰ বিপৰীতে ৰয়েল এনফিল্ডৰ নিৰ্মাতা আইচাৰ মটৰ্চৰ বজাৰ মূলধন আছিল ৮৪,৪০৬ কোটি টকা। আনহাতে হিৰ' মট'কৰ্পৰ বজাৰ মূলধন আছিল ৭৫,০৮৬ কোটি টকা।