-->

পুলক গগৈ আৰু শৈলেন শইকীয়ালৈ অসম চৰকাৰৰ বিষ্ণু ৰাভা বঁটা

পুলক গগৈ আৰু শৈলেন শইকীয়ালৈ অসম চৰকাৰৰ বিষ্ণু ৰাভা বঁটা

অসম চৰকাৰে প্ৰতি বছৰে আগবঢ়োৱা বিষ্ণু ৰাভা বঁটাৰ ২০১৭ বর্ষৰ বাবে বিশিষ্ট চিত্ৰশিল্পী, চলচ্চিত্ৰ নিৰ্মাতা পুলক গগৈ আৰু নৃত্য শিল্পী শৈলেন শইকীয়াক মনোনীত কৰিছে। অহা ২০ জুনত বৰপেটাৰ পৌৰসভাৰ খেলপথাৰত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু বৰপেটা জিলা প্ৰশাসনৰ সহযোগত অনুস্থিত হ'বলগীয়া অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই বঁটা প্ৰদান কৰিব। দুয়োগৰাকী বিশিষ্ট ব্যক্তিলৈ বিষ্ণু ৰাভা বঁটা আগবঢ়োৱাত তেওঁলোকৰ অনুগামী সকলে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে।