-->

আগন্তুক প্ৰতিবাদ দিৱসক লৈ সীমান্তত আলফাৰ ১২ জনীয়া দল

আগন্তুক প্ৰতিবাদ দিৱসক লৈ সীমান্তত আলফাৰ ১২ জনীয়া দল

অহা ১২৮ নৱেম্বৰত আলফাৰ প্ৰতিবাদ (কলা) দিৱসৰ আগে-পিছে নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা গোটে উজনিৰ অসমৰ বিশেষকৈ শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া জিলাত এলানি কূটাঘাটমূলক কাৰ্য সংঘটিত কৰাৰ পৰিকল্পনা ৰচা বুলি অসম আৰক্ষীৰ চোৰাং চোৱাৰ সূত্ৰত প্ৰকাশ । চোৰাংচোৱাৰ এক শীৰ্ষ বিষয়াই এই সন্দৰ্ভত জনোৱা মতে, বিদ্ৰোহী সংগঠনসমূহৰ কৰিডৰ হিচাপে চিহ্নিত অসম-নাগালেণ্ড আৰু অসম-অৰুণাচল সীমান্তৰ অৱস্থিত চৰাইদেউ জিলাৰ সীমান্তৱৰ্তী অঞ্চলসমূহত আলফাৰ ১২ জনীয় দল এটা  অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰকসহ উজনি অসমৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাস সৃষ্টি কৰিবলৈ বাহৰ পাতিছে ।