মাচুল বৃদ্ধি হ’ব বিদ্যুতৰ

মাচুল বৃদ্ধি হ’ব বিদ্যুতৰ

ডিজিটেল ডেস্ক: আজি বিধানসভাত গৃহীত হ’ল' দ্য আছাম ইলেকট্ৰেচিটি বিল'৷  বিলখনক লৈ তুমুল বিৰোধিতা হয় সদনত৷ আনকি বিলখনৰ প্ৰতিবাদত সদনো ত্যাগ কৰে বিৰোধীয়ে৷ বিলখনৰ সংশোধনী প্ৰস্তাৱ নাকচ হোৱাত প্ৰতিবাদত নামি পৰে বিৰোধী৷অৱশ্যে পিছনত সদনত প্ৰৱেশ কৰে বিৰোধীয়ে৷উক্ত বিলখন সদনত উত্থাপন কৰে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ এই আইনৰ যোগেদি বৃদ্ধি কৰা হৈছে বিদ্যুত শুল্ক ৷ফলত অৱধাৰিত ভাৱেই বৃদ্ধি পাব বিদ্যুত মাছুল ৷