-->

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নিমাতী ঘাট পৰিদর্শন: পূজা-পাতল বাদ দি বিজ্ঞানসন্মত আঁচনি লবলৈ চৰকাৰক দাবী

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নিমাতী ঘাট পৰিদর্শন: পূজা-পাতল বাদ দি বিজ্ঞানসন্মত আঁচনি লবলৈ চৰকাৰক দাবী

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কালি যোৰহাটৰ নিমাতী ঘাটত উপস্থিত হৈ খহনীয়াৰ পৰিস্থিতিৰ বুজ লয়। তেওঁ পৰিদৰ্শন কৰে ব্ৰহ্মপুত্ৰত জাহ যোৱা নিমাতী-যোৰহাট গড়কপ্তানী পথটো। তেওঁ তাৰ পিছতে সাংবাদিকৰ লগত হোৱা কথা-বতৰাত কয় যে নমামি ব্ৰহ্মপুত্ৰ উৎসৱ অথবা পূজা-পাতল কৰিলেই ব্ৰহ্মপুত্ৰ নদী নিয়ন্ত্ৰণ নহয়। ব্ৰহ্মপুত্ৰক নিয়ন্ত্ৰণ কৰিবলৈ হ'লে প্ৰয়োজন বিজ্ঞানসন্মত আঁচনিৰ। তেওঁ লগতে কয়- 'আমাৰ কংগ্ৰেছ চৰকাৰৰ দিনত যিদৰে কাম হৈছিল আৰু আমি উন্নয়নৰ দিশত যিদৰে আগবাঢ়িছিলোঁ সেয়া আজিৰ দিনত নাই। পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দি বিজেপি চৰকাৰে কেৱল আঁচনিৰ নাম সলনি কৰিছে। ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ নাম সলনি কৰিছে, কিন্তু কামৰ নামত একোৱেই নাই। ব্ৰহ্মপুত্ৰক নিয়ন্ত্ৰণ কৰিবলৈ হ'লে অৰুণাচল প্ৰদেশৰ চৰকাৰৰ সহায় লাগিব। আমি এইক্ষেত্ৰত অৰুণাচল চৰকাৰৰ লগত আলোচনাৰ পদক্ষেপ গ্ৰহণ কৰিছিলো। কিন্তু অৰুণাচল চৰকাৰৰ সহযোগিতা অবিহনেই ৮০ শতাংশ কাম কৰিবলৈ আগবাঢ়িছিলো। এতিয়া এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰেও গুৰুত্ব দিয়া নাই। অসমৰ জ্বলন্ত সমস্যাক আওকাণ কৰি কেন্দ্ৰীয় আৰু ৰাজ্য দুয়োখন চৰকাৰ কেৱল আনন্দ উৎসৱতহে ব্যস্ত আছে।'