-->

ড° সমুজ্জল ভট্টাচাৰ্যৰ ব্ৰহ্মপুত্ৰৰ পানী দূষিত সন্দৰ্ভত মোডীক কটাক্ষ: গংগা নৈৰ পানী দূষিত হোৱা হ’লে মোডী দৌৰি গ’লহেঁতেন

ড° সমুজ্জল ভট্টাচাৰ্যৰ ব্ৰহ্মপুত্ৰৰ পানী দূষিত সন্দৰ্ভত মোডীক কটাক্ষ: গংগা নৈৰ পানী দূষিত হোৱা হ’লে মোডী দৌৰি গ’লহেঁতেন

গংগা নদীৰ পানী খোৱাৰ অনুপযোগী হ'লে প্ৰধানমন্ত্ৰী মোডীয়ে তৎমুহূৰ্ততে গংগালৈ ঢাপলি মেলিলেহেঁতেন। কিন্তু ব্ৰহ্মপুত্ৰৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোডীৰ এনে বৈষম্য কিয় ?- এই প্ৰশ্ন উত্থাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জল ভট্টাচাৰ্যই। যোৱা নিশা প্ৰায় ৯ বজাত বৰপেটা আৱৰ্ত ভৱনত অনুষ্ঠিত কৰা এক সংবাদমেলত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই এই প্ৰশ্ন উত্থাপন কৰে। তেওঁ উল্লেখ কৰে যে মহাবাহু ব্ৰহ্মপুত্ৰৰ পানী সম্প্ৰতি খোৱাৰ উপযোগী হৈ থকা নাই। সম্পূৰ্ণৰূপে প্ৰদূষিত হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ পানী। অসমৰ আয়ুস ৰেখা ব্ৰহ্মপুত্ৰৰ প্ৰদূষণক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি ভট্টাচাৰ্যই কয় : ই এক ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ। অসম চৰকাৰে ঘোষণা কৰিছে যে ব্ৰহ্মপুত্ৰৰ পানী মানুহে খোৱাৰ অনুপযোগী হৈ পৰিছে। এনে অৱস্থাত অসম চৰকাৰে আগতীয়াকৈ ব্যৱস্থা ল'ব পাৰিলেহেঁতেন। সংবাদমেলত উপদেষ্টা ড° ভট্টাচাৰ্যই স্পষ্টভাৱে দাবী কৰে যে ব্ৰহ্মপুত্ৰ প্ৰদূষণৰ বিষয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বিশেষ তৎপৰ হওক আৰু বিষয়টো বিশেষ হস্তক্ষেপ কৰক।