নাগৰিকপঞ্জী লৈ গৃহ সচিব আৰ জি আইৰে পৰ্যালোচনা বৈঠক

নাগৰিকপঞ্জী লৈ গৃহ সচিব আৰ জি আইৰে পৰ্যালোচনা বৈঠক

বস্তনিষ্ঠতাৰে তথা আবেগবৰ্জিতভাৱে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি) উন্নীতকৰণৰ কাম চলি আছে । এন আৰ চিৰ নিচিনা অতি স্পৰ্শকাতৰ বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে বুধবাৰে সন্ধিয়া ভাৰতৰ মহাপঞ্জীয়ক (আৰ জি আই)ৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয় । সমগ্ৰ বিষয়টো অসমৰ গণ্ডী অতিক্রমী চুবুৰীয়া পশ্চিম বংগটো প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ উদ্যোগত নতুন দিল্লীস্থিত নৰ্থ ব্লকত গুৰুত্বপূৰ্ণ এই বৈঠক অনুষ্ঠিত হয় ।