-->

ডিজাইনাৰ সংযুক্তা দত্তক ৰাষ্ট্ৰপতি ভৱনলৈ আমন্ত্ৰণ: অসমীয়া চাদৰ-মেখেলাৰ প্ৰেমত ৰাষ্ট্ৰপতি পত্নী

ডিজাইনাৰ সংযুক্তা দত্তক ৰাষ্ট্ৰপতি ভৱনলৈ আমন্ত্ৰণ: অসমীয়া চাদৰ-মেখেলাৰ প্ৰেমত ৰাষ্ট্ৰপতি পত্নী

অসম আৰু অসমবাসীৰ বাবে গৌৰৱময় বাৰ্তা বহন কৰি ৰাষ্ট্ৰপতি ভৱনলৈ আমন্ত্ৰিত হ'ল ৰাজ্য তথা দেশৰ আগশাৰীৰ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্ত। আমেৰিকাৰ নিউয়ৰ্কত অনুষ্ঠিত 'ষ্টাৰডাষ্ট গ্ল'বেল ইণ্ডিয়ান আইকনএৱাৰ্ড-২০১৭' শীর্ষক বিশ্বৰ ফেশ্বন ডিজাইনিঙৰ বিশাল ক্ষেত্ৰখনৰ অন্যতম সন্মানজনক বঁটা লাভ কৰিবলৈ সক্ষম হোৱা সংযুক্তা দত্তই ইতিমধ্যে বিগত সময়চোৱাত লেকমি ফেশ্বন উইক, ইউৰোপৰ সৰ্ববৃহৎ এছিয়ান ৱেডিং শ্ব', ফেমিনা ইণ্ডিয়া ৱেডিং শ্ব', ইণ্ডিয়া ফেমিনা ফেশ্বন উইক, লণ্ডন আদিকে ধৰি বহু ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফেশ্বন প্ৰতিযোগিতাত অংশগ্ৰহণেৰে সুনাম কঢ়িয়াই অনা ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তক এইবাৰ ৰাষ্ট্ৰপতি ভৱনলৈ আমন্ত্ৰণ জনাইছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু তেওঁৰ পত্নীয়ে। উল্লেখ্য যে শেহতীয়া ৰাষ্ট্ৰপতি কোবিন্দৰ অসম ভৱনৰ সময়ছোৱাত ৰাজভৱনত এক বৈঠকত ৰাষ্ট্ৰপতি আৰু তেওঁৰ পত্নীৰ সৈতে প্ৰায় আধা ঘণ্টা সময় ফেশ্বন ডিজাইনৰগৰাকীয়ে অসমীয়া মেখেলা-চাদৰ তথা থলুৱা সাঁজ-পাৰ সন্দৰ্ভত আলোচনা কৰাৰ লগতে এনে মেখেলা-চাদৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ সন্দৰ্ভত মত বিনিময় কৰে। উক্ত বৈঠকতে ৰাষ্ট্ৰপতিগৰাকীয়ে আনুষ্ঠানিকভাৱে অসমৰ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তক ৰাষ্ট্ৰপতি ভৱনলৈ আমন্ত্ৰণ জনায়।